অসমীয়া পৰম্পৰাগত হৰি নাম ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ প্ৰকাশ। এই নামসমূহত ভগৱান হৰি, কৃষ্ণ আৰু ৰামৰ মহিমা গোৱা হয়। ভক্তসকলে একেলগে নাম গাই মনত শান্তি আৰু আনন্দ অনুভৱ কৰে।
অসমৰ বৈষ্ণৱ সংস্কৃতিত নাম-কীৰ্তনৰ এক বিশেষ স্থান আছে। খোল, তাল আৰু হাতচাপৰিৰ সৈতে এই নামসমূহ পৰিৱেশন কৰা হয়। ইয়াৰ সুৰ আৰু ভক্তিময় শব্দই সকলোৰে হৃদয় স্পৰ্শ কৰে।
এই লেখাত পৰম্পৰাগত অসমীয়া হৰি নামৰ গীতৰ কথা সংকলন কৰা হৈছে। ইয়াত নামৰ বিভিন্ন পদ আৰু ভক্তিমূলক ধ্বনি সন্নিৱিষ্ট হৈছে। Hori Naam lyrics in Assamese বিচৰা পাঠকৰ বাবে এই সংকলন উপযোগী। হৰি নামৰ মধুৰ ধ্বনিয়ে ভক্তিৰ অনুভূতি জগাই তোলে।
🙏 পৰম্পৰাগত হৰি নাম 🙏
নামত শৰণ লৈলো গোবিন্দাই
নামৰ বিনে নাই কেৱে এ
মই দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ এ
ক্ষমিয়োক হৰি লৈলো দাস কৰি
পশিলো হেৰা শৰণ এ
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱলে শৰণ চাওঁ এ
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেবেসে প্ৰভু এ ৰাও এ
হে যদুপতি মই মূঢ়মতি
নাজানো সেৱা তোমাৰ এ
কেৱলে তোমাৰ চৰণ পঙ্কজে
শৰণ কৰিলো সাৰ এ
নামো অমিয়া ঐ ৰাম ঐ ৰাম
ভকতো অমিয়া ঐ ৰাম ঐ ৰাম
অমিয়া বৈকুণ্ঠ পুৰী জয় গোপাল গোবিন্দ ৰাম
নামেহে তৰিব ঐ ৰাম ঐ ৰাম
নামে উদ্ধাৰিব ঐ ৰাম ঐ ৰাম
নামেতহে মুক্তি পাইবা ঐ গোপাল গোবিন্দ ৰাম
এনো কলিকালে ঐ ৰাম ঐ ৰাম
মুখতে নাম নললে ঐ ৰাম ঐ ৰাম
হৰি নাম বিনে নাহি ঐ গোপাল গোবিন্দ ৰাম
নামে গঙ্গাজল চৰণে কমল
বৈ আহে হৃদয়ৰ মাজে হে
টোপ-টোপকৈ পৰিল ঘাম
তেওঁ নেৰো হৰি নাম
মাধৈ-মালতী ফুল চালত শুকাল
হৰি নাম লওঁতে ৰাতি পুৱাল
নাম লোৱা ভাই, ভকত সদায়
নামক নকৰিবা হেলা বান্ধৱ ঐ
নামেহে ভকতি, নামেহে শক্তি
নামেহে মুক্তি পাইবা হে
শ্ৰৱণ-কীৰ্তন, মুখে নাৰায়ণ
সদা ভকতিত ৰৈবা হে
লৈয়ো ৰে লৈয়ো ৰে
লৈয়ো হৰি নাম লৈয়ো ৰাম
নাম শিৰোমণি হৰি ঐ নাম শিৰোমণি
একে খন চোতালতে আজি উঠে নামৰ ধ্বনি
মুখে ল’লো হৰি নাম, হৃদয়ত কৰিছো ধ্যান
আমি ভক্ত সবে মিলি, লৈছো হৰি-ৰাম
নাই আমাৰ ভেদা-ভেদ, নাই আমাৰ জাতি-জেদ
কেৱল হৰি নামে দুখ কৰিছো বিচ্ছেদ হে
ৰাম ৰাম ৰাম ৰাম
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম
হৰি ৰাম ৰাম ৰাম ৰাম
হৰি ৰাম ৰাম ৰাম ৰাম
জয় হৰি গোপাল গোবিন্দ ৰাম
